আবেলিৰ সপোন

Level 1 Reading

মই কালি এটা সপোন দেখিছিলো৷

মই বাহিৰত ঘাহঁনিত বহি আছিলো৷

তেতিয়া আকাশত ডাৱৰ নাছিল৷

হঠাৎ দেখিলো আকাশত এজাক হাতী৷

সিহঁতে উৰি উৰি গৈ আছিল৷

তাহাঁতক দেখি বেলিটো জাপ মাৰি মাটিলৈ আহিল৷

আহি সি মোক দেখি লাজতে ৰঙা চিঙা পৰিল৷

বেলিটোক মাটিত বহি থকা দেখি মাছবোৰো আহি ওচৰতে বহি ললে৷

মই তাহাঁতৰ মনটো ভাল লাগক বুলি গাণ এটা গাবলৈ ললো৷

পাছে কোনেও মোৰ গাণ শুনি ভাল নাপালে৷

মাছবোৰ দৌৰি গৈ গছত উঠিল৷

বেলিটোৱে শহাপহুটোৰ গাঁতত সোমাল৷

মোৰ ইমান বেয়া লাগিল৷

মোৰ চকু পানী ওলাই আহিল৷

লগে লগে বৰষুণ দিবলৈ ললে৷

হাতীজাকে আকাশতে বৰষুণত খেলিবলে ললে৷

বৰষুণৰ পানী গৈ গাতঁটো পালেগৈ আৰু বেলিটোক টিয়াই পেলালে৷

লগে লগে বেলিটো আকৌ আকাশলৈ উৰি গ'ল আৰু ৰ'দ দি নিজকে শুকুৱাই পেলালে৷

মই এইবাৰ গাণ গাবলৈ এৰি বিহু নাছিবলে ললো৷

মোৰ নাচ দেখি মাছবোৰে গছৰ পৰা নামি আহি হাত চাপৰি মাৰিবলে ধৰিলে৷

মই তেতিয়াহে দেখিলো মাছবোৰৰ ফিচাখনৰ ওচৰতে হাত দুখনো গজি আহিছিল৷

অলপ পৰ পাচত হাতীজাকো আকাশৰ পৰা নামি আহিলে৷

তাহাঁতৰ হেনো উৰি উৰি ভাগৰ লাগিছিলে৷

তাহাঁতে মোক অলপ কোমল কোমল ডাৱৰো দিলে৷

মাছবোৰৰো ভোক লাগিছিল৷

লাহে লাহে সিহঁতে নদীলৈ গ'ল গৈ৷

যাওঁতে মোক কলে, "তুমি ইমান ধুনীয়া বিহু নাচিব পাৰা, এইবাৰ বিহুত আমাৰ তালৈ আহিবা দেই"৷

তেতিয়ালৈ মোৰো ভোক লাগিছিলে৷

মায়ে মাতি থকা শুনি মই সাৰ পালো "আহা, গাখীৰ খোৱাহি আহাঁ"