বাঘ আৰু খৰিকটীয়া

Level 1 Reading

বহুত দিনৰ আগতে এখন হাবিত এটা বাঘ আছিল৷ সি যেতিয়া ডেকা আছিলে সি চিকাৰ কৰি কৰি হাবিৰ পহূ, হৰিণা আদি খাইছিল৷ লাহে লাহে সি বুঢ়া হৈ অহাত, সি আগৰ দৰে চিকাৰ কৰি খাব নোৱাৰা হ’ল৷

এদিন সি হাবিত ঘুৰি ফুৰোতে কিছুমান সোনৰ গহনা পালে৷ তাকে দেখি তাৰ মনত এটা কথা খেলালে৷ সি সেই গহনা খিনি লৈ গৈ তাৰ গুহা পোৱালেগৈ৷

পাচদিনা সি গহনা খিনি লৈ নদীৰ পাৰতে বহি থাকিল৷ তেনেতে হাবি খৰি কাটিবলে এটা খৰিকটীয়া আহিল৷ খৰিকটীয়াই নদীৰ সিপাৰে আপোন মনে খৰি কাটি আছে,তেনেতে বাঘটোৱে বেমাৰীৰ ভাও ধৰি সৰুকৈ মাত লগালে :

“অ ককাই, ককাই অ, কথা এটা কওঁ শুনাছোন৷ মোৰ বৰ বেমাৰ, আৰু দুদিনতে ছাগে মৰিম আৰু৷ কেই বছৰ মান আগতে এইখন হাবিয়েদি পাৰ হৈ যোৱা মানুহ এজনে মোক মৰমতে অলপ সোনৰ গহণা দি গৈছিলে৷ মই ইমান দিনে মোৰ গুহাত তাকে সাচি থৈছিলো৷ এতিয়াটো মোৰ আৰু কেও কিছু নাই, গতিকে ভাবিছো তোমাকে এইখিনি দিও৷ তুমি এইখিনি নি তোমাৰ মানুহজনীক দিলে তেওঁ বৰ ভাল পাব”

গহণাখিনি দেখি খৰিকটীয়াৰ লোভ লাগিল লগতে ভয়ো সোমাল, কিজানি বাঘটোৱে তাক খায়ে থয়৷ সি লাহেকে মাত লগালে : "পাছে তুমিযে মোক গহণাখিনি দিবলৈ মাতি মোক যদি ধৰি খাই থোৱা তেতিয়া কি হ'ব? মই নাযাওঁ দেই গহণা আনিবলৈ৷ "

বাঘটোৱেও অলপতে এৰি নিদিয়ে৷ সি আৰু অলপ মাতটো সেহাই সেহাই কলে "এই বুঢ়া বয়সতনো তোমাক মই কি কৰিম, মই লৰ-চৰেই কৰিব পৰা নাই, মই এইখিনি ইয়াতে থৈছো, তুমি মন কৰিলে নিবহি পাৰা"৷

খৰিকটীয়াৰ গহণাখিনিলৈ লোভ লাগিল৷ সি খৰি কাটিবলৈ এৰি নদী পাৰ হবলৈ পানীত নামিল৷ লাহে লাহে সি গৈ নদীৰ ইপাৰ পালেগৈ৷ তাৰ পাচত গৈ যেই সি এখোজ দুখোজকৈ বাঘৰ আগত থকা গহণা খিনিত হাত দিলে তেতিয়াই বাঘে একে জাঁপে আহি তাক ধৰি খাই থলে৷ খৰিকটীয়াই বেছি লোভ কৰি থাকোতে নিজৰ জীৱনটোকে হেৰুৱালে৷