মই কেতিয়া ডাঙৰ হম?

Level 1 Reading

" মা, ডাঙৰ হলে মই এখন জাহাজ কিনিম৷ আৰু তোমাক লৈ সাগৰ খন পাৰ হম৷

আৰু এখন ডাঙৰ উৰাজাহাজ কিনিম৷ তোমাক লৈ যেতিয়া একেকোবে আকাশত উৰিমগৈ, তুমি কবা "আইঔ গলু, অলপ লাহে লাহে চলাচোন৷"

আৰু এখন ৰেচিং গাড়ীও কিনিম৷ সেইখনত উঠাই তোমাক মই পাছলি বজাৰলৈ লৈ যাম৷

আৰু ৰাতিপুৱাতে দেউতাৰ দৰে ধুনীয়া কাপোৰ পিন্ধি চাকৰিলৈ যাম৷ বাহ, ইমান যে ভাল লাগিব৷

মা, মই কেতিয়া ডাঙৰ হম? কেতিয়াকে ডাঙৰ হম, মা ?"

"পিছে এটা কথা৷ ডাঙৰ হলে তুমি আৰু বাবু, মানু হঁতৰ লগত দিনৰ দিনটো বল খেলি থাকিবলে নেপাবা৷

তোমাৰ মাৰ্বলৰ টেমাটো পুৰণা বাকচটোত ভৰাই থব লাগিব৷ কাৰণ তুমি মাৰ্বল গোটাবলৈও সময় নেপাবা৷

আৰু কেটেপা আৰু বৰশী ডালও চাঙত তুলি থব লাগিব৷ "

"নেলাগে মা, থাকক দিয়া৷ বাবু আহিলেই, আজি আমি নদীৰ বালিত বল খেলাৰ কথা৷

যাওঁ দেই, টা টা"