দেউতাৰ চাইকেল

Biker Dad

Level 1 Reading


বগৰী আৰু দুবৰিৰ দেউতাকে কালি এখন চাইকেল কিনিলে৷ ধুনীয়া সেউজীয়া ৰঙৰ৷ দেউতাকে লগতে এটা হেলমেটো কিনিছে৷ 





গাড়ীৰপৰা চাইকেলখন নমোৱাৰ সময়ত দুবৰীহঁত আচৰিত হ’ল, তাহাঁতে আজিলৈকে দেউতাকক চাইকেল চলোৱা দেখা নাই৷ দেউতাকে দেখুন দৌৰিহে ভাল পাই৷ তাহাঁতে যেতিয়া মাকৰ লগত একে লগে চাইকেল চলাই দেউতাকে সদায় লগে লগে দৌৰিহে যায়৷ দেউতাক অৱশ্যে দৌৰাত বৰ পাকৈত, তেওঁ বৰ জোৰে দৌৰিব পাৰে আৰু বহুত দুৰো দৌৰিব পাৰে৷ তেওঁ প্ৰতি বছৰে কেইবাটাও মাৰাথান দৌৰত ভাগ লয়৷

পাচদিনা দেওবাৰ আছিল৷ দেউতাকে বগৰীক কলে, “বলাচোন, মোৰ লগত চাইকেল চলাবা৷“ ৷ দুয়ো হেলমেট আৰু জোতা পিন্ধি চাইকেল লৈ বাহিৰ ওলাল৷ বগৰীয়ে জাপ মাৰি চাইকেলত উঠি আগবাঢ়িল৷ অলপ পাচত ঘুৰি চাই দেখে দেউতাকে চাইকেলখন লৈ ৰৈ আছে৷ সি উভতি গৈ দেউতাকৰ ওচৰ পালেগৈ৷

এইবাৰ দেউতাকে চাইকেলৰ চিটত বহি ললে৷ কিন্তু দেউতাকে পেদেল মাৰিয়েই দেখুন ধলং পলং কৰি পৰি গ’ল৷ একেবাৰে সি প্ৰথম চাইকেল চলাবলে লোৱাৰ নিচিনাকৈ৷


দেউতাক পৰা দেখি মাক ভিতৰৰ পৰা দৌৰি আহিল৷ 

“ৰবা, তুমি আজিলৈকে চাইকেল চলাই পোৱা নাই নহয়, মই ধৰি দিম“ এই বুলি মাকে ধৰি দিলে আৰু দেউতাকে পেদেল মাৰিলে৷ তথাপিও দেউতাক আৰু দুবাৰ মান পৰিল৷

বগৰীহঁতৰ দেউতাকে চাইকেল চলাবলে শিকাৰ কথাটোত হাঁহি উঠিছিল যদিও দেউতাকক উৎসাহ দি থাকিল৷ দেউতাকে প্ৰায় দুঘণ্টমান লাগি থকাৰ পাচত ভালকৈ চলাব পৰা হ’ল৷ আবেলি তেওঁ বগৰীৰ লগৰ সৰু সৰু লৰা-ছোৱলীবোৰৰ লগতো খুব চাইকেল চলালে৷ 


ৰাতি বগৰীয়ে ভাতৰ টেবুলত কলে: “ মই ভাবিছো  কেম্পিং কৰিবলে মই এতিয়াই নিশিকো দেই, নহলে দেউতাৰ নিচিনাকৈ ডাঙৰত শিকিবলৈ মোৰ একোৱেই নাথাকিব“ !!