Robotaxi in San Francisco

Aug 10, 2023

চালকবিহীন ভাৰাগাড়ী

কেলিফৰ্ণিয়াত এতিয়া ৱেইম'(Waymo)  আৰু ক্ৰুজ(Cruise) নামৰ দুটা কোম্পানীয়ে চালকবিহীন ভাৰাগাড়ী চলোৱাৰ অনুমতি পাইছে৷ এইটো এটা বেচ ডাঙৰ কথা কাৰণ এতিয়াৰ পৰা পৃথিৱীত পোণ প্ৰথমবাৰৰ বাবে ব্যৱসায়ীক ভাবে চালকবিহীন টেক্সি বা ভাৰাগাড়ী চলিব৷ এতিয়াৰ কাৰণে, এই দুটা কোম্পানীয়ে চান ফ্ৰাণচিচক' চহৰত দিনে নিশাই এই সেৱা আৰম্ভ কৰিব পাৰিব৷ সদ্যহতে এই দুটা কোম্পানীৰ প্ৰায় ৫০০ (500) খন এনে গাড়ী আছে আৰু সোনকালেই ইয়াৰ সম্প্ৰসাৰণ হব৷ এতিয়া চান ফ্ৰাণচিচক'ত টেক্সিত উঠিলে গাড়ীখনত চালক নাথাকিলে আচৰিত নহবা৷


চালকবিহীন গাড়ী আজি হঠাৎ ওলোৱাহি নাই৷ আজি কেইবাবছৰৰ পৰাই প্ৰায় ৫০(50)টা মান কোম্পানীয়ে চান ফ্ৰাণচিচক' কে আদি কৰি বিভিন্ন চহৰত পৰীক্ষামূলক ভাবে এনে গাড়ী চলাই আছে৷ তেওঁলোকে যোৱা কেইবছৰত প্ৰায় ৩,০০০,০০০ (3 million) মাইল এনে গাড়ী চলাই তাক উন্নত কৰি আজিৰ অৱস্থাত পাইছে৷ বাতৰিৰ মতে এনে গাড়ীবোৰে সাধাৰণতে মানুহে গাড়ী চলালে কৰা ভুলবোৰ নকৰে৷ আমি বহু সময়ত ভাগৰ লাগিলে বা কথা পাতি গাড়ী চলালে ভুল কৰি দুৰ্ঘটনা ঘটাওঁ৷


এনেকুৱা এটা ব্যৱস্থা বনাবলে বহুত সময়, ধন আৰু কাৰিকৰী জ্ঞানৰ দৰকাৰ হয়৷ ইয়াৰ বাবে তেওঁলোকক প্ৰথমতে এখন গাড়ীৰ দৰকাৰ যি এটা কম্পিউটাৰৰ দ্বাৰা মানুহে নচলোৱাকৈয়ে চলিব পাৰে৷ এনে গাড়ীয়ে নিজে নিজে আগলৈ-পাচলৈ বা সোঁ-বাওঁ যোৱা, গতি লোৱা বা ৰখি যোৱা, হৰ্ণ মৰা, চিগনেল দিয়া কামবোৰ কৰিব পাৰিব লাগিব৷ তাৰ পাচত তাৰ কম্পিউটাৰটোক শিকাব লাগিব আশে পাশে কি আছে তাক চিনি পাবলৈ : আগত এখন গাড়ী আছে নে গছ আছে বা এটা কুকুৰ৷ তাৰ পাচত কম্পিউটাৰটোক শিকোৱা হয় গাড়ী চলোৱাৰ নিয়ম : ৰঙা লাইট দেখিলে ৰব লাগে, সেউজীয়া দেখিলে যাব লাগে৷ এইবোৰ শিকিবলৈ এটা কম্পিউটাৰক বহুত বছৰ লাগে কিন্তু ভাল খবৰটো এইটো যে, এবাৰ শিকি ল'লে সি হাজাৰ হাজাৰ গাড়ীক একেলগে চলাব পাৰিব৷


বহুতে অৱশ্যে ভাবে যে এই গাড়ীবোৰ এতিয়াও আমাৰ ৰাষ্টাত মুকলিকৈ চলিব পৰাকৈ সাজু হোৱা নাই৷ এই গাড়ীবোৰৰ এতিয়াও নানান সৰু সুৰা দুৰ্ঘটনা ঘটিয়েই থাকে৷ পাচে মই ভাবো যে সময়ত এই গাড়ীবোৰ মানুহে চলোৱাত কৈ বেচি সুৰক্ষিত হব৷ এটা সময় আহিব, মানুহে নিতৌ কামলৈ অহা যোৱা কৰিবলৈ এনেকুৱা চালকবিহীন গাড়ীহে ব্যৱহাৰ কৰিবলৈ ভাল পাব৷

Reading help

Note down the following compound words

ক + স => ক্স         টেক্সি     =  টে + ক্ + স + ি  [tak.si]   

ম + প => ম্প        কোম্পানী  = কো + ম্ প া + নী  [kom.panee]   

                            কম্পিউটাৰ = ক+ ম্ প  ি +উটাৰ  [kom.piu.ter]

                            সম্প্ৰসাৰণ = স + ম্ প্ ৰ +সাৰণ  [xom.pro.xaron]

ন + ন => ন্ন           উন্নত   = উ + ন্ ন + ত  [un.noto]

জ + ঞ => জ্ঞ        জ্ঞান = জ্ ঞ া + ন  [gyan]

ষ + ট = ষ্ট             ৰাষ্টা = ৰা + ষ্ ট া [ras.ta]



Key word

চালকবিহীন ভাৰাগাড়ী => চালক(driver) বিহীন(without/less) ভাৰা (rental) গাড়ী (car) => driverless taxi => robotaxi 

Look up words in Xobdo:

পৰীক্ষামূলক , দুৰ্ঘটনা, সুৰক্ষিত, ব্যৱস্থা

Translation of the article

কেলিফৰ্ণিয়াত এতিয়া ৱেইম'(Waymo)  আৰু ক্ৰুজ(Cruise) নামৰ দুটা কোম্পানীয়ে চালকবিহীন ভাৰাগাড়ী চলোৱাৰ অনুমতি পাইছে৷ In California, two companies named Waymo & Cruise have received permits to run driver-less taxis.

এইটো এটা বেচ ডাঙৰ কথা কাৰণ এতিয়াৰ পৰা পৃথিৱীত পোণ প্ৰথমবাৰৰ বাবে ব্যৱসায়ীক ভাবে চালকবিহীন টেক্সি বা ভাৰাগাড়ী চলিব৷ This is a very big deal, because, from now on, for the first time in the earth, there will be commercially run driver-less taxis.

এতিয়াৰ কাৰণে, এই দুটা কোম্পানীয়ে চান ফ্ৰাণচিচক' চহৰত দিনে নিশাই এই সেৱা আৰম্ভ কৰিব পাৰিব৷ For now, these two companies will start this service day & night in the city of San Francisco.

সদ্যহতে এই দুটা কোম্পানীৰ প্ৰায় ৫০০ (500) খন এনে গাড়ী আছে আৰু সোনকালেই ইয়াৰ সম্প্ৰসাৰণ হব৷ Currently, these two companies have around 500 such cars and soon it will expand.

এতিয়া চান ফ্ৰাণচিচক'ত টেক্সিত উঠিলে গাড়ীখনত চালক নাথাকিলে আচৰিত নহবা৷ Now on in San Francisco, don't get surprised when you get into a taxi and the car has no drivers.


চালকবিহীন গাড়ী আজি হঠাৎ ওলোৱাহি নাই৷ The driver-less cars have not appeared out of nowhere. আজি কেইবাবছৰৰ পৰাই প্ৰায় ৫০(50)টা মান কোম্পানীয়ে চান ফ্ৰাণচিচক'কে আদি কৰি বিভিন্ন চহৰত পৰীক্ষামূলক ভাবে এনে গাড়ী চলাই আছে৷ For last few years, around 50 companies are experimentally running such cars in San Francisco and other cities. তেওঁলোকে যোৱা কেইবছৰত প্ৰায় ৩,০০০,০০০ (3 million) মাইল এনে গাড়ী চলাই তাক উন্নত কৰি আজিৰ অৱস্থাত পাইছে৷ They have run more than three million miles together to improve on them to reach today's state. বাতৰিৰ মতে এনে গাড়ীবোৰে সাধাৰণতে মানুহে গাড়ী চলালে কৰা ভুলবোৰ নকৰে৷ As per news, these cars don't make the general mistakes that human do while driving. আমি বহু সময়ত ভাগৰ লাগিলে বা কথা পাতি গাড়ী চলালে ভুল কৰি দুৰ্ঘটনা ঘটাওঁ৷ Many a times, when we are tired or busy talking, we cause accidents.


এনেকুৱা এটা ব্যৱস্থা বনাবলে বহুত সময়, ধন আৰু কাৰিকৰী জ্ঞানৰ দৰকাৰ হয়৷ To make such a system it needs lot of time, money and technical knowledge. ইয়াৰ বাবে তেওঁলোকক প্ৰথমতে এখন গাড়ীৰ দৰকাৰ যি এটা কম্পিউটাৰৰ দ্বাৰা মানুহে নচলোৱাকৈয়ে চলিব পাৰে৷ For this, they first need a car that can be run by a computer without a human driving. এনে গাড়ীয়ে নিজে নিজে আগলৈ-পাচলৈ বা সোঁ-বাওঁ যোৱা, গতি লোৱা বা ৰখি যোৱা, হৰ্ণ মৰা, চিগনেল দিয়া কামবোৰ কৰিব পাৰিব লাগিব৷ Such cars should be able to carry out common tasks by itself like going forward or reverse, pick up speed or slow down, honk, turn on signals. তাৰ পাচত তাৰ কম্পিউটাৰটোক শিকাব লাগিব আশে পাশে কি আছে তাক চিনি পাবলৈ : আগত এখন গাড়ী আছে নে গছ আছে বা এটা কুকুৰ৷ Then the computer need to be taught to recognize what's around it: is that a car or a tree or a dog in front of it. তাৰ পাচত কম্পিউটাৰটোক শিকোৱা হয় গাড়ী চলোৱাৰ নিয়ম : ৰঙা লাইট দেখিলে ৰব লাগে, সেউজীয়া দেখিলে যাব লাগে৷ Then the computer is taught the rules of driving: stop when the light is red, go when it is green. এইবোৰ শিকিবলৈ এটা কম্পিউটাৰক বহুত বছৰ লাগে কিন্তু ভাল খবৰটো এইটো যে, এবাৰ শিকি ল'লে সি হাজাৰ হাজাৰ গাড়ীক একেলগে চলাব পাৰিব৷ It takes years for a computer to learn these, but the good news is that, once it learns, it can drive thousands of cars at the same time.


বহুতে অৱশ্যে ভাবে যে এই গাড়ীবোৰ এতিয়াও আমাৰ ৰাষ্টাত মুকলিকৈ চলিব পৰাকৈ সাজু হোৱা নাই৷ Many still thinks that these cars are not yet ready to run openly in our streets.এই গাড়ীবোৰৰ এতিয়াও নানান সৰু সুৰা দুৰ্ঘটনা ঘটিয়েই থাকে৷ These cars are still involved in many small accidents. পাচে মই ভাবো যে সময়ত এই গাড়ীবোৰ মানুহে চলোৱাত কৈ বেচি সুৰক্ষিত হব৷ But I feel that in due time these cars will be safer than human driven ones. এটা সময় আহিব, মানুহে নিতৌ কামলৈ অহা যোৱা কৰিবলৈ এনেকুৱা চালকবিহীন গাড়ীহে ব্যৱহাৰ কৰিবলৈ ভাল পাব৷ A time will come when people will prefer to use such cars to make there daily trips to work.


photo credits:Terry Chea / AP https://www.cbsnews.com/news/robotaxis-san-francisco-cruise-gm-waymo-driverless-cars/Cruise https://getcruise.com/