ফিনিয়েচ আৰু ফাৰ্ব

Phineas & Ferb Title Song

Level 1 Reading

এশ চাৰিদিন আছে গৰমৰ ছুটী

তাৰ পাচতেই স্কুল আকৌ খুলিবই,

আমাৰ প্ৰজন্মৰ বাৰ্ষিক সমস্যা

কেনেকৈ দিনকেইটা ভালকৈ কটাও!!


কি কৰা যায়?


ৰকেট এটা বনাও নে 

মামিৰ লগতে যুঁজ দিম

নে আইফেল টাৱাৰৰ ওপৰলৈকে বগাই যাওঁ !!


নোহোৱা-নোপজা কিবা এটা বিচাৰি ওলিয়াওঁ

নহলে বা বান্দৰ এটাকে গা ধোৱাই দিওঁ!

জোৱাৰ-ভাটাৰ ঢৌ, নেন’বট সৃষ্টি

বা চাওচোন ফ্ৰেংকেনষ্টাইনৰ মগজুটো বা ক'ত? 

     (ফিনিয়েচ) এইটো ইয়াত দেখুন


ডোডো চৰাই বিচাৰি ওলিওৱা, 

গোটেই মহাদেশ ৰঙ কৰা

নহলে ধৰি লৈ বাইদেউকে বলিয়া কৰি দিওঁ?

    (কেণ্ডিচ) : ফিনিয়েচ!!


কিমান যে কাম আছে 

শৰতত স্কুল নোখোলালৈকে

    (ফিনিয়েচ) আহি যোৱা, পেৰি

চুপচাপ বহি থাকা, 

    কাৰণ আমি সব কৰিম আজি

চুপচাপ বহি থাকা, 

    কাৰণ আমি সব কৰিম আজি

    ফিনিয়েচ আৰু ফাৰ্ব আছে যে লগত!!


     বঢ়িয়া!!


(কেণ্ডিচ):  মা, ফিনিয়েচ আৰু ফাৰ্বে আকৌ নতুন কাণ্ড আৰম্ভ কৰিছে৷

Copy right: Disney

Translated into Assamese from the title sing of the Disney series Phineas & Ferb

https://phineasandferb.fandom.com/wiki/Phineas_and_Ferb_Theme