ককা আৰু নাতি

Level 1 Reading

"ককা তুমি কলৈ যোৱা?  খোজ কাঢ়িবলৈ যোৱা নেকি? "

"নহয় অ'৷ অকমাণি এটা নিগনিয়ে মোক তাৰ ঘৰলৈ মাতিছিল৷ আবেলিতে তালৈকে যাও নেকি ভাবিছো৷"

"মইও যাম মইও যাম৷ কিন্তু ককা নিগনিৰ গাঁতবোৰ ইমান সৰু, আমি সোমাব পাৰিম জানো? "

"অ' হয় তোন, ঠিক কলি দেই৷ লাগি ধৰিমতোন৷ উমমম তেনেহলে আজি ভালুক এটাৰ পিঠিত উঠি ভালুকপুঙলৈকে যাও৷"

"ভালুকপুঙ আক' কি ককা? "

"ভালুকপুঙ এখন ঠাইৰ নাম৷ ভালুকবোৰে তালৈ গৈ নদীত গাটো ধুই বৰ ভাল পায়৷"

"পিছে ককা ভালুক এটা ইমান সোনকালে তুমি পাবা ক'ত? "

"এ হয় দেই, ভালুক বিচাৰি ফুৰোতে আবেলিটো চোন শেষেই হব৷ তেনেহলে কলৈ যোৱা যায়? 

উমমম পালো৷ ডাৱৰৰ মাজত এটা চিচিঙফুক নামৰ শহাপহু থাকে৷ 

তাৰ পিঠিখন বোলে আজি বৰ খজুৱাইছে৷ তাকে খজুৱাই থৈ আহোগৈ যাওঁ৷"

"মইও যাম মইও যাম চিচিঙফুকক চাবলে৷ অ' পিছে, ককা, ডাৱৰলৈ যাবলে আমাৰ হেলিকপটাৰ নাই যে, কেনেকে যাম? "

"আও, ভাল মনত পেলাই দিলি দেই৷ তেনেহলে ওচৰৰ পাৰ্ক খনলৈকে যাও নেকি, জুলনা আৰু চোচৰা থকা খনলৈ? নে কি কৱ? "

"হে হে ককা, সেই খনেই ভাল হব যেন পাওঁ৷ জুলনা খেলিম, চোচৰা খেলিম, বলা বলা, সোনকালে যাওঁ৷"