“হেৰা ভাইটি, কলৈ যোৱা?”
“মই দোকানলৈ যাওঁ, মা-হঁতৰ লগত ৷”
“দোকানৰ পৰা কি কিনিবা?”
“মই এখন বহী কিনিম, এডাল পেনচিল কিনিম আৰু এটুকুৰা ৰবৰ কিনিম ৷”
“তোমাৰ লগত আৰু কোন কোন যাব?”
“মা, দেউতা, দাদা আৰু বাইদেউ ৷ দেউতাক এটা বৰশী লাগে, দাদাই বোলে এখন চাইকেল কিনিব ৷ বাইদেউক আক' কিছুমান ৰঙ পেনচিল লাগে, তাই ছবি আঁকি বৰ ভাল পায় ৷”
“ অ' হয় নেকি, তুমি কি কৰি ভাল পোৱা? তুমিও ছবি আঁকা নেকি?”
“মই ছবি আঁকি ইমান ভাল নাপাওঁ, মই কাগজ কাটিহে ভাল পাওঁ ৷ মোৰ ওচৰত এখন ধুনীয়া কেঁচি আছে ৷ মই ৰঙ-চঙীয়া কাগজবোৰ কাটি আৰু আঠা লগাই ধুনীয়া ধুনীয়া বস্তু বনাব পাৰো ৷”
“অ' হয় নেকি? মই জানা, কাগজেৰে নাও বনাবহে জানো ৷”
“আমাৰ ঘৰত এখন নাও আছে, দেউতাই সেইখন লৈ মাছ মাৰিবলে যায় ৷ যোৱা বছৰ দেউতাই এটা ইমান ডাঙৰ মাছ ধৰিছিলে ৷ সেইটো ডাঙিবলৈ তিনিটা মানুহ লাগিছিল ৷”
“বাপ্ ৰে, ইমান ডাঙৰ মাছনে? অ', যাওদেই এতিয়া, ঘৰত চাগে মায়ে মোলৈ মাছ ভাজি থৈ দিছে ৷ টা টা”
“টা টা”