মই কালি এটা সপোন দেখিছিলো৷
মই বাহিৰত ঘাঁহনিত বহি আছিলো৷
হঠাৎ দেখিলো আকাশত এজাক হাতী৷
তাহাঁতক দেখি বেলিটো জাপ মাৰি মাটিলৈ নামি আহিল৷
আহি সি মোক দেখি লাজতে ৰঙা চিঙা পৰিল৷
বেলিটোক মাটিত বহি থকা দেখি মাছবোৰো আহি ওচৰতে বহি ললে৷
মই তাহাঁতৰ মনটো ভাল লাগক বুলি গান এটা গাবলৈ ললো৷
পাছে কোনেও মোৰ গান শুনি ভাল নাপালে৷
বেলিটোৱে শহাপহুটোৰ গাঁতত সোমাল৷
হাতীজাকে আকাশতে বৰষুণত খেলিবলে ললে৷
বৰষুণৰ পানী গৈ গাঁতটো পালেগৈ আৰু বেলিটোক তিয়াই পেলালে৷
লগে লগে বেলিটো আকৌ আকাশলৈ উৰি গ'ল আৰু ৰ'দ দি নিজকে শুকুৱাই পেলালে৷
মই এইবাৰ গান গাবলৈ এৰি বিহু নাচিবলে ললো৷
মোৰ নাচ দেখি মাছবোৰে গছৰ পৰা নামি আহি হাত চাপৰি মাৰিবলে ধৰিলে৷
মই তেতিয়াহে দেখিলো মাছবোৰৰ ফিচাখনৰ ওচৰতে হাত দুখনো গজি আহিছিল৷
অলপ পৰ পাচত হাতীজাকো আকাশৰ পৰা নামি আহিলে৷
তাহাঁতৰ হেনো উৰি উৰি ভাগৰ লাগিছিল৷
তাহাঁতে মোক অলপ কোমল কোমল ডাৱৰো দিলে৷
লাহে লাহে সিহঁতে নদীলৈ গ'ল গৈ৷
যাওঁতে মোক কলে, "তুমি ইমান ধুনীয়া বিহু নাচিব পাৰা, এইবাৰ বিহুত আমাৰ তালৈ আহিবা দেই"৷
তেতিয়ালৈ মোৰো ভোক লাগিছিলে৷
মায়ে মাতি থকা শুনি মই সাৰ পালো : "আহাঁ, গাখীৰ খোৱাহি আহাঁ"৷