পমপমৰ সাধু

Level 1 Reading

পমপমে সাধু শুনি বৰ ভাল পায়৷

"দেউতা, মোৰ নতুন সাধু কিতাপ খন কেতিয়া পঢ়ি দিবা? "




"পমপম, মই লৰালৰিকৈ বজাৰলৈ যাব লাগে৷ পাছত পঢ়ি দিম দেই৷" , দেউতাকে কলে


পমপমে দৌৰি গৈ ককাকক কলে:  "ককা, মোৰ নতুন কিতাপ খন পঢ়ি দিয়াচোন৷"


"উমম, মোৰ চশমা যোৰ দুদিন মানৰ পৰা বিচাৰি পোৱা নাই অ'৷

এতিয়া আখৰ বোৰ মনিবকে পৰা নাই৷"

"পমপম এইফালে আহাচোন৷ মোক গাজৰ দুটামান তুলি দিয়া "- পমপমক মায়ে মাতিলে৷

" আহিছো মা৷ তুলি দিলে কিন্তু মোক নতুন সাধু পঢ়ি শুনাবা দেই৷"

পমপমে দৌৰি বাৰীলৈ গৈ গাজৰ এটা খামুচি ধৰি টানিলে৷

"উফ, ওলাই নাহ' কেলৈ? অই গাজৰ, ইমান সাহ তোৰ? মই পমপম৷ "

গাজৰ ওলাই নাহিল৷


পমপমে দেখিলে মাকৰ গাজৰ তুলি শেষেই হল৷

"পমপম, মই ভাত বনাই লও দেই৷ তাৰ পাছত তোমাক সাধু পঢ়ি দিম৷"



নতুন কিতাপৰ গোন্ধ, চিনাকি চিনাকি আখৰ, ৰঙ-চঙ ছবি! আহ, পমপমে সাধু কিতাপ ইমান ভাল পায়!

"ৰজাৰ ছবি৷ অ হয় হয়, এয়া লিখা আছে ৰ-জা-ৰ সা-ধু "

পমপমে তভক মাৰি অলপ সময় ভাবিলে৷

লাহে লাহে সি নতুন সাধু খন লৈ বহিল৷

সি অ আ ক খ গোতেই বোৰ চিনি পায়৷ কিন্তু সাধু পঢ়িব যে নেজানে৷

তথাপি সি কিতাপখনৰ ৰঙ-চঙ ছবিবোৰ লাহে লাহে চালে৷


পমপমে লাহে লাহে পঢ়িলে

"এ স ম য় ত   এ খ ন  দে শ ত     "

পমপমে পাৰিছে! পমপমে পাৰিব!!

সি নতুন সাধু খন নিজেই পঢ়িব৷

পমপমৰ মুখত এটা ধুনীয়া হাঁহি বিৰিঙিল৷