চাহ কাপ কেনেকৈ বনাবা

Level 1 Reading

আমাৰ মায়ে চাহ খাই বৰ ভাল পাই৷ ৰাতিপুৱা শুই উঠিয়েই পানী গৰম কৰি চাহ বনাই দেউতাৰ লগত একেলগে খাই৷ তাৰ পাচতহে বাকী কাম কৰে৷ মই আজি কালি চাহ বনাবলৈ শিকিছো৷ মায়ে মই বনোৱা চাহ খাই বৰ ভাল পাই৷ 

চাহ বনাবলে মই দুকাপ পানীৰ লগত আধা কাপ গাখীৰ দি জুইত গৰম কৰো৷ পানীখিনি গৰম হৈ উতলিবলে ললেই তাত তিনি চামুচ চাহ পাত দি দিও৷ তাৰ পাচত কেই মিনিট মান উতলিবলে দিলেই চাহ হৈ গ'ল৷ 

তাৰ পাচত চাহ খিনি চাকণি এখনৰ মাজেদি কাপত বাকি মা হঁতক খাবলৈ দিওঁ৷ মায়ে নিজৰ চাহৰ লগতে চেনি এচামুচ মিলাই লয়৷ দেউতাই আকৌ চাহত চেনি নাখায়৷ মই পাছে চাহ নাখাও, মই সৰু হৈ আছো যে৷ সৰু লৰা ছোৱালীয়ে চাহ খাব নাপাই বোলে৷