জয় আৰু বব

Joy & Bob - By Mehul

এসময়ত এটা দুষ্ট গৰু আছিল৷ তাৰ নাম জয়৷ এদিন জয়ৰ মাকে ক’লে “মই বজাৰলৈ যাওঁ, তুমি ভাইটি ববক চাবা” ৷

জয়ে ক’লে “ঠিক আছে”৷

মাক যোৱাৰ পাছত জয়ে তাৰ লগৰবোৰক মাতি পথালে আৰু গোটেই ঘৰ লেতেৰা কৰিলে৷

ববে মাকৰ কোঠাত এটা জামৰ বটল পালে৷ ববে বটলতো আনি ককায়েকক দি ক’লে “চোৱা কি পালো”৷ গোটেইবোৰে জামৰ বটলতো লৈ খেলিবলৈ ধৰিলে৷ আৰু বটলতো ভাঙি গ’ল৷ 

তেনেতে মাক পালেহি৷ চাৰিওফালে জাম পৰি আছে৷ মাকৰ খুব খঙ উঠিলে৷ 

জয় আৰু ববক এক সপ্তাহলৈ শাস্তি দিলে৷ সিহতে কথা নুশুনা কাৰনে এক সপ্তাহ খেলিবলৈ নাপালে৷

Reading help

Note down the following compound words

ষ + ট => ষ্ট          দুষ্ট     =  দ ু ষ্ ট [du.sto]   

প + ত => প্ত        সপ্তাহ  = স প্ ত া হ [xo.pta.h]  

স + ত => স্ত        শাস্তি   = শ া স্ ত ি [xa.sti]