তিনিটা লুভীয়া কুকুৰ

-আনিয়া শর্মা-

Three Lazy Dogs by Aniya Sarma

এসময়ৰ কথা, এখন গাঁৱত তিনিটা দুষ্ট, এলেহুৱা আৰু লুভীয়া কুকুৰ আছিল৷ এবাৰ গাঁৱখনত এখন বিয়া হৈছিল৷ তিনিওটা কুকুৰে ভাবিলে কেনেকৈ আমি ভাল ভাল খানা চুৰি কৰি খাবলৈ পাও৷

প্রথম কুকুৰটোৱে কলে, “বন্ধু ইমান ভাবিবলৈ কি আছে, মই প্ৰথমে যাম আৰু চাই আহিম”৷  সি চিধা গৈ বিয়া ঘৰ পালেগৈ, পিছে খানা বনোৱা মানুহটোৱে তাক দেখি গৰম পানী গাত দলিয়াই খেদি দিলে৷ কুকুৰটো ঘৰলৈ ভয়ত পলাল৷ উভতি আহি  লগৰ কেইটাক  মিছাকে কলে “বন্ধু মোক সোৱাদৰ বহুত গৰম-গৰম খানা খাব দিলে ”, আছলতে তাৰ গাত গৰম-গৰম পানীহে ঢালিলে৷

কথাটো শুনি বাকী দুয়োটাৰো বৰ লোভ লাগিল৷ তাৰে আন এটা কুকুৰ এইবাৰ বিয়া ঘৰলৈ গ’ল ৷ তাক দেখি খানা বনোৱা মানুহটোৱে ভাবিলে "ই আকৌ আহিল" আৰু তাক ধুম-ধাম মাৰ দিলে৷  মাৰ খাই কুকুৰটো ঘৰলৈ পলাল৷ উভতি আহি লগৰ দুটাক ফুটনি মাৰি কলে “বন্ধু মোকটো ধুম-ধাম ভাল খানা খাব দিলে ”, আছলতে সি ধুম-ধাম মাৰ হে খালে৷

তাকে দেখি তৃত্বীয় কুকুৰটোও বিয়া ঘৰলৈ গ’ল৷ এইবাৰ খানা বনোৱা মানুহটৱে খঙত কলে "ই বাৰে বাৰে আহি আছে, ইয়াক বান্ধি থৈ দিও ৰহ" আৰু কুকৰটোক বান্ধি থৈ দিলে৷ 

বহুত দেৰিৰ পিচত কুকুৰটো কেনেবাকৈ পলাল৷ আহি ঘৰ পোৱাৰ পাচত কলে “বিয়া ঘৰৰ মানুহে মোক ইমান ভাল পালে, মৰমতে আহিবকে নিদিলে”, আছলতে তাক বান্ধিহে থৈ দিছিল৷

তাকে শুণি গোতেইকেইটাৰ বিৰা হাঁহি উঠিল আৰু কলে "বন্ধু তুমি আমাক বুৰ্বক বনাব নোৱাৰা আৰু আজিৰ পৰা আমি মিছা কথাও নকওঁ"৷

Reading help

Note down the following compound letters

ন + ধ => ন্ধ          বন্ধু     =  ব ন্ ধ ু [bon.dhu]   

ত + ব => ত্ব        তৃত্বীয়  = ত ৃ ত্ ব ী য় [tri.twi.yo]  

ষ + ট => ষ্ট          দুষ্ট     =  দ ু ষ্ ট [du.sto]