Apple Vision Pro

June 7, 2023

এপলৰ নতুন ভিজন প্ৰ' ছশমাযোৰ

আমি সকলোৱে আইফোণ আৰু মেকবুকৰ কাৰণে এপলক চিনি পাওঁ৷ আজি দুদিন মান আগতে এপলে এক নতুন গগলচ এযোৰৰ কথা ঘোষণা কৰিছে৷ নামটো ভিজন প্ৰ'৷ এই গগলচ বা ছশমাযোৰ কোনো এলা পেচা নহয়, তুমি এইযোৰ লগাই ললে তোমাৰ চকুৰ আগতে তুমি টি-ভিৰ নিচিনাকৈ বাতৰি, চিনেমা বা ছবি চাব পাৰিবা৷ এই চশমাযোৰ লগাই ললে, তুমি বেলেগকৈ আইফোণ চোৱাৰ দৰকাৰ নহব, তাৰ ছবিবোৰ তোমাৰ চকুৰ আগত ভাঁহি আহিব আৰু হাতৰ আঙুলি লৰাই তুমি ছবিবোৰ সলাই সলাই চাই থাকিব পাৰিবা৷

এই ছশমাযোৰে আমাৰ জীৱনত বহুত কাম সুবিধাজনক কৰি দিব পাৰে৷ ধৰা তুমি এটা ৰিচিপি চাই চাই ভাত বনাইছা৷ এতিয়া তুমি এখন হাতেৰে ফোণটো চাব লাগিব আৰু এখন হাতেৰে ভাত বনাব লাগিব৷ এই ছশমাযোৰ থাকিলে তুমি চকুৰ আগতে এফালে ৰিচিপিটো দেখি থাকিবা আৰু লগতে কেৰাহী খনত কাম কৰি থাকিব পাৰিবা৷ তেনেকৈয়ে তুমি যদি ঘৰৰ কিবা এটা মেৰামতি কৰিবলে ইউটিউবৰ সহায় লব লাগে, তেতিয়া হলে এই ছশমাযোৰ লগাই ললেই হ'ল৷ চকুৰ এফালে ইউটিউবৰ ভিডিঅ'টো চলি থাকিব আৰু তুমি হাতেৰে মেৰামতিৰ কামটোও কৰি থাকিলা৷

বহুতে এই ছশমাযোৰ লৈ বৰ আশাবাদী নহয়৷ গুগল, মেটা আৰু চনি আদিয়েও এনে ছশমা বনাইছে যদিও বৰ এটা সফল হোৱা নাই৷ লগতে এনে ছশমাৰ ব্যৱহাৰে আমাক আৰু অকলশৰীয়া কৰি দিব পাৰে৷ আজিৰ দিনত ফোণ লৈ আমি সকলো নিজৰ মাজতে সোমাই পৰিছো, এতিয়া এই ছশমাযোৰে আমাক আনৰ পৰা আৰু আতৰাই লৈ যাব পাৰে৷

এপলৰ এই ছশমাযোৰ অহা বছৰ হে বজাৰলৈ আহিব, লগতে দামটোও অলপ বেছি৷ সময়তহে কব পৰা যাব ই আইফোনৰ দৰে জনপ্ৰিয় হবনে নহয়৷ তোমালোকে কি ভাবা?

photo credits: Apple (https://www.apple.com/apple-vision-pro/)