মই কেতিয়া ডাঙৰ হম?

Level 1 Reading

" মা, ডাঙৰ হলে মই এখন জাহাজ কিনিম৷ আৰু তোমাক লৈ সাগৰখন পাৰ হম৷ তুমি ভয় খাবা নেকি?"

" আৰু এখন ডাঙৰ উৰাজাহাজ কিনিম৷ তোমাক লৈ যেতিয়া একেকোবে আকাশত উৰিমগৈ, তুমি কবা "আইঔ গলু, অলপ লাহে লাহে চলাচোন!"

আৰু এখন ৰেচিং গাড়ীও কিনিম৷ সেইখনত উঠাই তোমাক মই পাছলি বজাৰলৈ লৈ যাম৷

আৰু ৰাতিপুৱাতে দেউতাৰ দৰে ধুনীয়া কাপোৰ পিন্ধি চাকৰিলৈ যাম৷ বাহ, ইমান যে ভাল লাগিব!

মা, মই কেতিয়া ডাঙৰ হম? কেতিয়াকে ডাঙৰ হম, মা ?"

"পিছে এটা কথা৷ ডাঙৰ হলে তুমি বাবু, মানুহঁতৰ লগত দিনৰ দিনটো বল খেলি থাকিবলে নেপাবা আৰু৷

তোমাৰ মাৰ্বলৰ টেমাটো পুৰণা বাকচটোত ভৰাই থব লাগিব৷ কাৰণ তুমি মাৰ্বল গোটাবলৈও সময় নেপাবা৷

আৰু কেটেপা আৰু বৰশীডালও চাঙত তুলি থব লাগিব৷ "

"নেলাগে মা, থাকক দিয়া৷ বাবু আহিলেই, আজি আমি নদীৰ বালিত বল খেলাৰ কথা৷ 

যাওঁ দেই, টা টা"