বগৰীৰ চুপাৰ বাউল

Superbowl

Level 1 Reading

বগৰীৰ দেউতাকে তাহাঁতৰ ডাঙৰ টি-ভিটো নি গেৰেজত লগোৱা দেখি বগৰীয়ে সুধিলে, “আজি আমি চিনেমা চাম নেকি? “

 লগে লগে দুবৰিয়ে ক’লে, “ধেইৎ, তুমি পাহৰিলাই, আজি চুপাৰ বাউল নহয় নেকি?“

“অ’, য়েই, আজি ফৰ্টি নাইনাৰৰ খেল আছে, সিহঁত এইবাৰ জিকিবই“ - বগৰীয়ে জপিয়াই উঠিল৷

“খেল চাবলৈ গোমেজ মামা আৰু বৰুৱা খুৰাহঁতো আহিব ন?“ বগৰীয়ে তাৰ লগৰ ৰাউল আৰু ৰুবুল আহিব বুলি জানি আৰু ফুৰ্টি পালে৷ সি তাৰ ফুটবলটো উলিয়াই খেলিবলৈ আৰম্ভ কৰিলে৷

ইপিনে দুবৰিয়ে লগে লগে হ’ম ৱৰ্ক কৰাত লাগিল, আজি আবেলি সময় নহব৷


বগৰীয়ে ফুটবলটো লৈ দৌৰিয়ে থাকিল৷ লগতে তাৰ বাইকৰ হেলমেটটোও পিন্ধি ললে৷ এবাৰ মাকৰ আগেদি, এবাৰ দেউতাকৰ কাষেদি গৈ একেবাৰে ভিতৰৰ কাৰ্পেটখনত চুচৰি দিয়ে৷ 

মাকে বাৰে বাৰে তাক কৈ আছে, “ইমান দৌৰি নাথাকিবা, অলপ শুই লোৱা, নহ’লে ৰাতিকৈ টোপনি ধৰিব“


হঠাৎ বগৰীয়ে দেখিলে সি দেখুন লি-ভাইচ ষ্টেডিয়ামৰ ফিল্ডত, কোৱাৰ্টাৰ বেক ব্ৰক পাৰ্ডীয়ে তাৰ হাতত বলটো দি কলে, “বগৰী! দৌৰা!!“ ৷



 সি একা বেকা কৈ গোটেই ডিফেণ্ডাৰবোৰৰ মাজেদি দৌৰিবলৈ আৰম্ভ কৰিলে৷ এটা এটাকৈ তাহাঁতক পাচ পেলাই সি দৌৰি গ’ল৷ তাক ধৰিবলৈ গোটেই  ডিফেণ্ডাৰবোৰে খেদি আছে৷ বগৰীয়ে একা বেকাকৈ দৌৰি আছে, এখন হাতেৰে বলটো জোৰেৰে ধৰি আছে, আজি সি টাচ ডাউন কৰিবই৷   


ইফালে দহ য়াৰ্ড লাইন পাওতে দেখিলে এইবাৰ সন্মুখত ৰাউল আৰু ৰাহুলে তাক ধৰিব খুজিছে৷ ৰাউলে তাৰ ভৰিত ধৰিবলৈ জপিয়াই দিলে৷ বগৰী পাচে কম নহয়, তাৰ ওপৰেদি জাপ মাৰি গৈ একেবাৰে শেষৰ লাইনৰ সিপাৰে পৰিলগৈ৷ 

টাচ ডাউন!!

লগে লগে গোটেই ষ্টেডিয়ামত হুলস্থুল, হাজাৰ হাজাৰ মানুহে চিঞৰিছে৷  

তেতিয়াই তাক মাকে ডাঙি ধৰিলে৷ সি দেখুন তাহাঁতৰ কাৰ্পেট খনতে পৰি আছিল, টি-ভিত মানুহৰ হুলস্থুল৷ “বলা, চুপাৰ বাউল আৰম্ভ হ’লেই,   তুমিনো কেতিয়া টোপনি গ’লা??”