কেম-পিঙ!

A Camping Trip (that was not)

Level 1 Reading

দুবৰি আৰু বগৰীয়ে আজি ৰাতিপুৱাতে উঠি কাপোৰ সামৰিছে৷ তাহাঁত আজি কেম্পিং যাব৷ তাহাঁতৰ ঘৰৰ পৰা অলপ দুৰতে পাৰ্ক এখন আছে, তালৈকে যাব৷ তাত সিহঁতে দিনটো পাহাৰ বগাব, পিকনিক কৰিব আৰু ৰাতিকে টেণ্ট পাতি তাত থাকিব৷ 

"দুবৰি, বগৰী, তোমালোকে ৰাতিৰ কাৰণে গৰম কাপোৰ লৈ ল'বা", মাকে মনত পেলাই দিলে৷ 

"আৰু লাইট কেইটামান লৈ ল'বা৷ লগতে মাৰ্চ মেল' অলপো দেই", দেউতাকে কলে৷

মাকে কেম্পিঙৰ কাৰণে খোৱাৰ জোগাৰ কৰিছে, দেউতাকে বস্তুবোৰ গাড়ীত তুলিছে : দুখনমান চকী, জুই ধৰিবলৈ খৰি আৰু দুটামান বৰশী৷ দেউতাকে মাছ ধৰি বৰ ভাল পাই আৰু মাকে মাছ খাই৷ 

অলপ পাচত দুবৰিহঁতেও নিজৰ বস্তু গাড়ীত তুলিলেহি৷ দুবৰিয়ে এযোৰ পাহাৰ বগুৱা জোতা আৰু এযোৰ নদীৰ পানীত খোজ কাঢ়িব পৰা জোতা লৈছে৷ বগৰীৰ বেচি বস্তু নাই, মাত্ৰ ৰাতিৰ কাৰণে পাইজামা আৰু দুখন কিতাপ৷


সেইদিনা দিনটো বগৰী, দুবৰি আৰু মাকে খুব পাহাৰ বগালে৷ দুপৰীয়া সিহঁতে পিকনিক খালে৷ দুবৰিৰ মাকে এজোপা ওখ গছতো উঠিলে৷ দেউতাকে খালি নদীৰ পাৰতে বহি বৰশী বাই থাকিল৷ ডাঙৰ মাছ এটাও ধৰিলে৷

গধুলী সময়ত তাহাঁতে কেম্পিং কৰিবলৈ গৈ গম পালে যে ডাঙৰ গণ্ডগোল এটা হ'ল৷ দেউতাকে টেণ্টটো ঘৰৰ গেৰাজতে থৈ আহিলে৷ এতিয়া তাহাঁতৰ ৰাতি শুবলৈ কোনো ব্যৱস্থা নায়৷ উপায় নাপাই তাহাঁতে ঠিক কৰিলে যে ৰাতি ভাত খাই তাহাঁতি ঘৰলৈকে যাবগৈ৷

দেউতাকে ডাঙৰকৈ জুই ধৰি মাছটো পুৰিলে৷ দুবৰিয়ে স্ম'ৰচ বনালে৷ মাকে খুব গান গালে৷ বগৰীয়ে আকাশৰ তৰা চালে৷ সি হেনো জুপিটাৰ, চেটাৰ্ণ আৰু ভেনাচ সব দেখিলে৷ মাজৰাতি যেতিয়া খৰিবোৰ জ্বলি শেষ হ'ল, সকলোৱে ধুনীয়াকৈ পেট ভৰাই মাছ খাই ললে আৰু মাকৰো গান গোৱা শেষ হ'ল তেতিয়া তাহাঁতে লাহেকৈ গাড়ীত উঠি ঘৰলৈ গ'লগৈ৷


বগৰীৰ তেতিয়াহে মনটো ভাল লাগিল৷ সি ঘৰৰ বাহিৰত শুবলৈ ভয় কৰে, টেণ্টটো আচলতে সিয়েই গাড়ীৰ পৰা নমাই থৈ আহিছিল!!