ভাত খোৱা টেবুলত

On the Dinner Table

Level 1 Reading

আজি দুবৰি আৰু বগৰীৰ দেউতাকে পোলাও আৰু মাংস বনাইছে৷ দুবৰিহঁতৰ লগৰ শেৱালী আৰু তগৰ আহিছে তাহাঁতৰ ঘৰত ভাত খাবলৈ৷

দুবৰি আৰু শেৱালীয়ে লিগ' কেইটামান লৈ এখন ডাঙৰ ট্ৰাক বনাইছে৷ বগৰী আৰু তগৰে চেচ খেলিছে৷

তেতিয়াই দেউতাকে মাতিলে : "দুবৰি, বগৰী, শেৱালী, তগৰ, আহা, ভাত খাবলৈ৷ হাত ধুই আহিবা দেই"


লগে লগে গোটেইকেইটা দৌৰি গৈ হাত ধুলেগৈ আৰু টেবুলত বহিল৷ দুবৰিহঁতৰ দেউতাকে বৰ ধুনীয়া পোলাও ৰান্ধে আৰু সিহঁতে খাই বৰ ভাল পাই৷

"মোক অলপ পানী লাগিব আৰু এখন চামুচ" তগৰে কলে৷


বগৰীয়ে দৌৰ মাৰি গৈ চামুচ আৰু পানী লৈ আনিলে৷ দুবৰি আৰু শেৱালীয়ে পতা-পত খাই আকৌ পোলাও ললে৷ বগৰী আৰু তগৰে কথা পাতি খাবলৈকে পাহৰি গৈছিলে৷ 


দেউতাকে মনত পেলাই দিলে "পোলাও মাংস ঠাণ্ডা হৈ যাব, কথা পাচত পাতিবা"


গোটেই কেইটাই পেট ভৰাই মাংস পোলাও খাই আকৌ খেলিবলৈ দৌৰ মাৰিলে৷