বগৰী আৰু দুবৰিৰ স্কুলত বিজ্ঞান মেলা হবলৈ মাত্ৰ তিনিদিন বাকী। দুবৰিয়ে ইতিমধ্যে তাইৰ পৰীক্ষা এটা ঠিক কৰি পেলাইছে — গছ-গছনিয়ে কোন পোহৰত বেছি ভালকৈ বাঢ়ে সেইটো পৰীক্ষা কৰিব।
কিন্তু বগৰীয়ে কোনো কামেই বিচাৰি পোৱা নাই। সি কাষতে বহি চুলি খজুৱাই আছিল।
"কি হ'ল?" দেউতাকে সুধিলে।
"দেউতা, মই কি কৰি দেখুৱাও বুজা নাই," বগৰীয়ে কলে।
দেউতাকে চিন্তা কৰি কলে, "তুমি সদায় বাইকত কি কি কৰা? গতি, বেগ, চকা — এইবোৰৰ বিষয়ে কিবা কৰিব নোৱাৰা নেকি?"
বগৰীয়ে চকু দুটা জিলিকি উঠিল। "হয়! মই দেখুৱাম যে কোন আকাৰৰ চকা বেছি দূৰলৈ যায়।
তিনিদিন ধৰি বগৰীয়ে ডাঙৰ, মজলীয়া, আৰু সৰু — তিনিটা চকা পৰীক্ষা কৰিলে। দুবৰিয়ে তাক সময় জুখিবলৈ সহায় কৰিলে আৰু তথ্যখিনি কাগজত লিখি ৰাখিলে।
মেলাৰ দিনা, বিচাৰকে বগৰীৰ টেবুলৰ কাষত থিয় হৈ সুধিলে, "ফলাফল কি হল?"
বগৰীয়ে বুকু ফুলাই কলে, "ডাঙৰ চকা বেছি দূৰ যায়, কাৰণ ইয়াৰ ভৰ বেছি গতিকে ভৰবেগ বেছি।"
বিচাৰকে মিচিকিয়াই হাঁহিলে।
দুবৰিয়ে ৰূপৰ পদক পালে, বগৰীয়ে সোণৰ পদক।
ঘৰলৈ উভতি আহোঁতে দুবৰিয়ে কলে, "তুমি জিকিলা, কিন্তু মই হিচাবখিনি লৈ নিদিয়াহলে তুমি জিকিব পাৰিলাহেঁতেন নেকি?"
বগৰীয়ে হাঁহিলে। "নোৱাৰিলোঁহেঁতেন।"”