শনিবাৰে পুৱাই বৰষুণ আৰম্ভ হল। বগৰী আৰু দুবৰিয়ে বাহিৰলৈ যাব বুলি পৰিকল্পনা কৰিছিল — পাৰ্কলৈ গৈ বল খেলিব বুলি। কিন্তু ডাৱৰে আকাশ ঢাকি ধৰিলে আৰু টোপে টোপে বৰষুণ পৰিল।
"এতিয়া কি কৰিম?" বগৰীয়ে হতাশ হৈ সুধিলে।
"আমি নিজে খেল বনাব পাৰোঁ," দুবৰিয়ে কলে।
সিহঁতে মাকৰ পুৰণি কম্বল আৰু গাদি লৈ চোফাৰ লগতে এটা গুহা বনালে। বগৰীয়ে উৎসাহৰে কলে, "এইটো এতিয়া আমাৰ দুৰ্গ।"
দুবৰিয়ে তাৰ ভিতৰত এটা বিজুলী বন্তি লৈ বহিল আৰু কিতাপখন উলিয়ালে। বগৰীয়ে তাৰ কাপোৰৰ পুতলা কেইটা লৈ ভিতৰলৈ সোমাল
বাহিৰত বৰষুণ দি়য়ে থাকিল। কিন্তু ঘৰৰ ভিতৰত সিহঁতৰ দুৰ্গৰ ভিতৰতে আৰামত উম লৈ থাকিল৷
মাকে তাহাঁতক গৰম চকলেট দিলেহি। সিহঁতে গুহাৰ ভিতৰত বহি সেই গৰম পানীয় খালে, কাহিনী ক'লে, আৰু হাঁহিলে।
সন্ধ্যা হওঁতেহে বৰষুণ বন্ধ হ'লগৈ। বগৰীয়ে কলে, "আজি পাৰ্কলৈ যোৱা হলে হয়তো ইমান মজা নহলহেঁতেন।"
দুবৰিয়ে হাঁহি কলে, "মই আগতেই জানিছিলোঁ।